অৰ্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে লিখা।
Answers
ऐंस्वेर्
निम्नलिखित वावयांश के लिए एक शब्दलिखिए
ANSWER :
ভূগোলৰ যিটো শাখাৰ সম্পদৰ উৎপাদন, বিতৰণ, বিনিময়, উপভোগ আদিৰ লগত জড়িত মানুহৰ কাৰ্য-কলাপ স্থান, কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অৰ্থনৈতিক ভূগোল বোলা হয়। গতিকে অৰ্থনৈতিক ভূগোলৰ প্ৰধানতঃ মানুহৰ কাৰ্য-কলাপ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্ৰক্ৰিয়াসমূহ অধ্যয়ন কৰা হয়। ইয়াৰ অধ্যয়নৰ পৰিসৰ মূলতঃ তলত উল্লেখ কৰা বিশেষ প্ৰশ্নকেইটাৰ ওপৰত প্ৰতিষ্ঠিত :—
- ❍ অৰ্থনৈতিক কাৰ্যটো ক'ত অৱস্থিত ?
- ❍ অৰ্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্যবোৰ কি কি ?
- ❍ অৰ্থনৈতিক কাৰ্যটো আন কি কি পৰিঘটনাৰ লগত জড়িত ?
- ❍ অৰ্থনৈতিক কাৰ্যটো য'ত আছে তাতে কিয় হৈছে ?
- ❍ অৰ্থনৈতিক কাৰ্যটো য'ত আছে তাৰ পৰিৱৰ্তে আন এঠাইত হ'লে বেছি ভাল হ'লহেঁতেন নে ?
উপৰি উক্ত প্ৰথম তিনিটা প্ৰশ্নৰ লগত পৰম্পৰাগত অৰ্থনৈতিক ভূগোলৰ লগত জড়িত । কিন্তু পাছৰ দুটা প্ৰশ্নই আধুনিক অৰ্থনৈতিক ভূগোলৰ ভেটি ৰচনা কৰিছে । আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ জ'ৰ্জ ছিজহ'মৰ মতে এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱেই অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য । আন দুজন অৰ্থনীতিবিদ জন্স আৰু ডাৰ্কেনৱাল্ডৰ মতে অৰ্থনৈতিক ভূগোলে বিশেষকৈ উৎপাদনক্ষম বৃত্তি বা কাৰ্য-কলাপ অধ্যয়নৰ লগত জড়িত আৰু লগতে কিছুমান অঞ্চল কিয় উৎপাদনত আগবঢ়া আৰু আন কিছুমান অঞ্চল কিয় আমদানি আৰু ব্যৱসায়-বাণিজ্যত আগবঢ়া — এনে প্ৰশ্নবোৰৰ উত্তৰ উদ্ভাৱনত সহায় কৰে । অৰ্থাৎ অৰ্থনৈতিক ভূগোলে মূলতঃ মানুহৰ উৎপাদনক্ষম কাৰ্যবোৰ আৰু পাৰিবেশিক অৱস্থাৰ লগত এইবোৰৰ সম্পৰ্ক অধ্যয়ন কৰে ।