৩। পানী মৰে পিয়াহত অগ্নি মৰে জাৰত। খােদা ৰছুল লুকাই আছে মােমিনৰ আঁৰত। তাৎপৰ্য বুজাই লিখা।
Answers
Answer:
প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত আজান ফকিৰৰ দ্বাৰা ৰচিত `জিকিৰ' নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
সংগতিঃ এই পদফাঁকিৰ জৰিয়তে আল্লা অৰ্থাৎ ভগৱানৰ সান্নিধ্যৰ পথ কিদৰে লাভ কৰিব পাৰি তাকেই কবলৈ বিচাৰিছে।
ব্যাখ্যাঃ পানীৰ পিয়াহত মৰা আৰু অগ্নি জাৰত মৰা দুয়োটা কথাই অসম্ভৱ। অৰ্থাৎ পানীৰ ভিতৰতে নিজৰ পিয়াহ গুচোৱা শক্তি লুকাই আছে। ঠিক তেনেদৰে জুইৰ উত্তাপ শক্তিও নিজৰ ভিতৰতে লুকাই আছে। কিন্তু পানী আৰু জুইয়ে নিজৰ শক্তিৰ কথা নাজানে। ঠিক তেনেদৰে পানীৰ পিয়াহত অধীৰজনে পানীক পানী বুলি চিনি নাপালে বা জাৰত কঁপি থকা মানুহ এজনে জুইৰ অস্তিত্বৰ কথা নাজানিলে তাক বিচাৰি চলাথ কৰিলেও বিচাৰি পোৱা নাযায়। আল্লা বা ভগৱান আমাৰ হৃদয়ত থাকে। কিন্তু আমি তেওঁক চিনি নাপালে বা তেওঁৰ অপাৰ মহিমাৰ কথা নাজানিলে এই ব্ৰহ্মাণ্ড চলাথ কৰিলেও বিচাৰি নাপাও। সৎ কৰ্মত বিশ্বাসী, প্ৰকৃত মুছলমানৰ কৰ্ত্তব্য পালনত দৃঢ় সংকল্প, লৈ কোনো কৰ্মত লাগিলে অন্তৰতেই আল্লাৰ নিবাস কৰে। প্ৰকৃত মুছলমানৰ অন্তৰত আল্লা বিৰাজমান। ই পৰম সত্য।
Answer:
৩। পানী মৰে পিয়াহত অগ্নি মৰে জাৰত। খােদা ৰছুল লুকাই আছে মােমিনৰ আঁৰত। তাৎপৰ্য বুজাই লিখা।