India Languages, asked by XxCharmingGuyxX, 17 days ago

সমোচ্ছৰিত শব্দ কি? কেনেকৈ প্ৰয়োগ কৰা হয়। ​

Answers

Answered by singhmd071
0

Answer:

সমোচ্চাৰিত শব্দ অসমীয়া ব্যাকৰণৰ এটি গুৰুত্বপূূূূৰ্ণ অংশ। অসমীয়া ভাষাত যিমানখিনি আখৰ ব্যৱহাৰ কৰা হয়, সিমান সংখ্যক ধ্বনি সমোচ্চাৰিত নহয়। একে ধ্বনিৰে উচ্চাৰিত শব্দবোৰক সমোচ্চাৰিত শব্দ বুলি কোৱা হয়।

Answered by TRISHNADEVI
2

ANSWER :

 \\

অন্য ভাষাৰ লেখীয়াকৈ অসমীয়া ভাষাতো এনে কিছুমান শব্দ আছে, যিবোৰৰ উচ্চাৰণ একে; যদিও ইয়াৰ আখৰ-জোঁটনি সামান্য পৃথক হোৱাৰ লগতে অৰ্থও ভিন্ন হয় । এইধৰণৰ শব্দবোৰক সমোচ্ছৰিত শব্দ বোলে । সমোচ্ছৰিত শব্দক সম উচ্চাৰণাত্মক শব্দ বুলিও জনা যায় । অসমীয়া ভাষাত একে বা সম উচ্চাৰণাত্মক অথচ ভিন্ন অর্থবোধক অজস্র শব্দ আছে। এই শব্দবোৰৰ উচ্চাৰণহে একে কিন্তু ইবোৰৰ বানান বা আখৰ-জোঁটনি প্ৰায়ে সামান্য পৃথক। ই অসমীয়া ব্যাকৰণৰ এক গুৰুত্বপূৰ্ণ অংশ ।

 \:  \:  \:  \:  \:  \:  \:  \:  \:  \: কোনো বাক্যত সমোচ্ছৰিত শব্দৰ প্ৰয়োগ ইয়াৰ অৰ্থ অনুযায়ী কৰা হয় । উচ্চাৰণ একে হ'লেও এই শব্দবোৰৰ বানান তথা অৰ্থ ভিন্ন হয় । গতিকে, বাক্যত এই শব্দৰ প্ৰয়োগৰ ক্ষেত্ৰত আখৰ-জোঁটনি আৰু অৰ্থৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ।

কেইটামান সমোচ্ছৰিত শব্দৰ উদাহৰণ তলত উল্লেখ কৰা হ'ল :-

১/

  • অণু - অতি সূক্ষ্ম, ক্ষুদ্রতম অংশ

  • অনু - পিছত

২/

  • আঁহ - গছৰ ছাল বা ফল আদিৰ ভিতৰত থকা মিহি সূতাৰ নিচিনা বস্তু

  • আহ - মতা কাৰ্য, কাষলৈ আহ

৩/

  • কঠা - মাটিৰ জোখ

  • কথা - শব্দ, বাক্য, ভাষা

৪/

  • গড় - দুৰ্গ, মাটি বা শিলেৰে বন্ধা ওখ ভেটা বা ঢাপ।

  • গঁড় - এবিধ জন্তু, (এশিঙীয়া গঁড়)

৫/

  • চাল - ঘৰৰ চাল, ঘৰৰ ওপৰৰ ঢাকনি

  • ছাল - মানুহ, জীৱ-জন্তু আদিৰ গাৰ ছাল

Similar questions