Political Science, asked by jyatish6, 1 day ago

ভাৰতবৰ্ষক এখন কলয়ানকামী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰা যিকোনো পাঁচটা ৰাষ্ট্ৰৰ নিদেশাতমক নীতি উল্লেখ কৰা​

Answers

Answered by rishitakundu2000
2

Explanation:

অৰ্থনৈতিক ক্ষেত্ৰত সমতা প্ৰতিষ্ঠা কৰি গণতন্ত্ৰক সাফল্যমণ্ডিত কৰাৰ কাৰণে ৰাষ্ট্ৰই কিছুমান কৰ্তব্য পালন কৰা উচিত| এই কৰ্তব্য সমুহ হ’ল-

১) ৰাষ্ট্ৰই অৰ্থনৈতিক ক্ষেত্ৰত বৈষম্য দূৰ কৰিবৰ কাৰণে চেষ্টা কৰিব;

২) দেশৰ প্ৰাকৃতিক সম্পদৰ মালিকত্ব আৰু নিয়ন্ত্ৰণ এনেদৰে কৰা হ’ব যাতে সৰ্বসাধাৰণৰ কল্যাণ সাধন হয়;

৩) ৰাষ্ট্ৰই ইয়াৰ আৰ্থিক সামৰ্থ্য আৰু উন্নতিৰ সীমাৰ ভিতৰত সকলো নাগৰিকৰ বাবে কাম আৰু শিক্ষাৰ ব্যৱস্থা কৰিব;

৪) নিৱনুৱা অৱস্থাত, বাৰ্ধক্যত, অসুস্থতা আৰু অক্ষমতাৰ বাবে ৰাষ্ট্ৰই নাগৰিকসকলক সহায় কৰিব;

৫) ৰাষ্ট্ৰই উপযুক্ত আইন প্ৰণয়ন অথবা অৰ্থনৈতিক ব্যৱস্থাৰ সংগঠন, অথবা আন কোনো উপায়ে এনে ব্যৱস্থা গ্ৰহণ কৰিব যাতে কৃষি, শিল্প আৰু অন্যান্য শ্ৰমিক সকলে বাচি থাকিবৰ বাবে উপযুক্ত মজুৰী পায়;

Similar questions