(গ) দীঘল প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক- ৪ অথবা ৫)
১। কি পৰিস্থিতিত কনকেশ্বৰ ঠাকুৰে নাজিয়াক লগ পাই।
২। নাজিয়াই বিয়ালৈ কিয় অকলে গৈছিল ।
Answers
ANSWER :
১/
"বিয়াৰ প্ৰেজেন্ট" পাঠটিত উল্লেখ কৰা মতে, কথকৰ পত্নী নাজিয়াৰ সম্পৰ্কীয় মোমায়েকৰ ছোৱালীৰ বিয়া; সম্পৰ্কীয় মোমায়েক হ'লেও ঘৰখনৰ লগত সিহঁতৰ আহ-যাহ সুন্দৰ। বিয়ালৈ যাবলৈ প্ৰবল হেঁপাহ থকা স্বত্ত্বেও পতি-পত্নী দুয়ো যোৱাত আৰ্থিক বাধা-নিষেধ আহি পৰাত হাতত অলপ টকা লৈ নাজিয়া অকলে টাউনৰ মোমায়েকৰ ঘৰলৈ গ’ল। টাউনৰ বাছ আস্থানৰ পৰা বিয়াঘৰলৈ বুলি ৰিক্সাত উঠিবলৈ আগ বাঢ়োতেই তেওঁ একেখন গাঁৱৰে কনকেশ্বৰ ঠাকুৰক লগ পালে ।
আচলতে কেইবাদিনো ধৰি টান নৰিয়াত আক্ৰান্ত হৈ থকা কনকেশ্বৰ ঠাকুৰৰ নুমলীয়া জীয়েক, বিনীতাক গাঁৱৰ বেজে ভাল কৰিব নোৱাৰাত দেউতাকে টাউনৰ হাস্পতাললৈ আনিছে। ডাক্তৰে চাই বিনীতাৰ ৰোগ পুৰণি আৰু ইতিমধ্যে বহু দেৰি হৈছে বুলি সোনকালে অপাৰেশ্যন কৰাৰ কথা কলে। এদিন দেৰি কৰিলেও তাইলৈ বিপদ মাতি অনাৰহে কথা। আকৌ, তাইৰ শৰীৰত তেজৰ পৰিমাণো কম। সেয়ে অপাৰেশ্যন কৰালে ডেৰশমান টকাৰ তেজ দিয়াব লাগিব বুলিও ক'লে। ঠাকুৰৰ হাতত সিমান পইচা নাই, বেচিবলৈ বা বন্ধক দিবলৈ মাটিও নাই। তথাপি কিবা উপায় ওলাই নেকি বুলি গাঁৱলৈকে যাবলৈ চহৰৰ সেই বাছ আস্থানলৈ য'ত নাজিয়াও গাঁৱৰ পৰা আহি নামিছিলহি। এনে পৰিস্থিতিত কনকেশ্বৰ ঠাকুৰে নাজিয়াক লগ পাইছিল।
_____________________________________________________
২/
"বিয়াৰ প্ৰেজেন্ট" পাঠটিত উল্লেখ কৰা মতে, কথকৰ পৰিয়াল এটি আর্থিক সীমাবদ্ধতাৰ মাজত থকা পৰিয়াল। আৰ্থিকভাৱে সিমান স্বচ্ছল নোহোৱা হেতুকে দৈনন্দিন সকলো কামতে হিচাপ কৰি চলিবলগীয়া হৈছিল।
কথকৰ পত্নী নাজিয়াৰ সম্পৰ্কীয় মোমায়েকৰ ছোৱালীৰ বিয়া; সম্পৰ্কীয় মোমায়েক হ'লেও ঘৰখনৰ লগত সিহঁতৰ আহ-যাহ সুন্দৰ। টাউনলৈ গ'লেই নাজিয়াহঁতে চাহ-ভাত তাতেই খাই আহে। তথাপিও, বিয়ালৈ যাবলৈ প্ৰবল হেঁপাহ থকা স্বত্ত্বেও পতি-পত্নী দুয়ো যোৱাত আৰ্থিক বাধা-নিষেধ আহি পৰে। কিয়নো, বিয়া এখনলৈ যাবলৈ হ'লে আনুষংগিক বহু খৰচ ওলায়। ৰিক্সা বাছ ভাড়া, বিয়াৰ উপহাৰ আদি সকলো খৰচ হিচাপ কৰিলে ১৩০ টকা মান খৰচ ওলায়। ইপিনে ঘৰত আছে কেৱল দুশ টকা। লগত যদি চানাৰ মিঠাই লৈ যোৱা হয়, তেন্তে আৰু পঞ্চাছ টকা লাগিল। এই খৰছ হৈছে দুজন বিয়ালৈ গ'লে হ’বলগীয়া খৰচ। গতিকে, বিয়াখনলৈ যাবলৈ নাজিয়া আৰু গিৰিয়েক দুয়োৰে বৰ ইচ্ছা আছিল যদিও হিচাপ নিমিলে ৷ আৰ্থিক অনাটনৰ বাবে অৱশেষত বিয়াখনলৈ নগ'লেই নহ'ব বুলি নাজিয়াই টকা অলপ হাতত লৈ আৱেগিক সম্পৰ্কৰে বান্ধ খাই থকা আপোন মানুহৰ বিয়ালৈ নাজিয়াই অকলে গ’ল।