Political Science, asked by prantaphukon, 1 year ago

১৯৯৪ চনৰ অসম পঞ্চায়ত আইন মতে গাওঁ পঞ্চায়ত ৰ গঠন সম্পৰ্কে লিখা

Answers

Answered by TRISHNADEVI
18
✍HERE IS YOUR ANSWER...⤵⤵
====================================

\underline{ANSWER}

অসমৰ পঞ্চায়তসমূহৰ আইনকানুনবোৰ স্ংশোধন আৰু স্ংহতকৰণ কৰিবলৈ আৱশ্যকীয় বুলি বিবেচনা কৰি, ভাৰত গণৰাজ্যৰ ৪৫ তম বছৰটোত অসম পঞ্চায়ত আইন প্ৰণয়ন কৰা হৈছিল |

অসম পঞ্চায়ত আইনৰ মতে গঠন হোৱা গাঁও পঞ্চায়তৰ বিষয়ে তলত আলোচনা কৰা হ'ল :-

1994 চনৰ অসম পঞ্চায়ত আইনখনে 3 তপৰীয়া পঞ্চায়তী ৰাজব্যৱস্হাৰ প্ৰচলন কৰিছে | সেই অনুসৰি প্ৰত্যেক গাঁও বা 2 / 3 খন গাঁও লগ কৰি এখন গাঁও পঞ্চায়ত গঠন কৰা হ'ব | গাঁও পঞ্চায়ত এলেকাত 1000 ৰ পৰা 10000 লৈকে জনসংখ্যা থাকিব লাগিব | গাঁও পঞ্চায়ত এলেকাক 10 টা সমষ্টিত ভাগ কৰি প্ৰতিটো সমষ্টিৰ পৰা একোজনকৈ সদস্য নিৰ্বাচন কৰা হ'ব | সেইবাবে গাঁও পঞ্চায়তৰ সৰ্ব্বোচ্চ সদস্যৰ সংখ্যা হ'ল 10 জন | এই সদস্যসকলৰ পৰা একোজনকৈ সভাপতি আৰু একোজনকৈ উপসভাপতি নিৰ্বাচন কৰা হ'ব | মুঠ সদস্যৰ এক তৃতীয়াংশ. মহিলাৰ বাবে আৰু এক তৃতীয়াংশ অনুসুচিত জাতি - জনজাতিৰ বাবে সংৰক্ষিত কৰা থাকিব |

পঞ্চায়তৰ এই সদস্যসকলৰ কাৰ্যকাল উক্ত আইনখনে 5 বছৰৰ বাবে নিৰ্ধাৰিত কৰিছে |

___________________________________

✝✝…HOPE…IT…HELPS…YOU…✝✝

prantaphukon: thank you so much for your help
TRISHNADEVI: u r welcm
TRISHNADEVI: ai khini sufficient hb sge no.. ?
prantaphukon: hmmm
Similar questions