1.প্রতীপ ক্রিয়া আৰু খােজ কঢ়াৰ মাজত পার্থক্য কি ?
2.দুটা নিউৰনৰ মাজৰ সংযােগী পথ বা চাইনেছত কি ঘটে ?
3. মগজুৰ কোন অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয় ?
4.আমি ধূপকাঠিৰ গােন্ধ কেনেকৈ লওঁ ?
5 প্রতীপ ক্রিয়াত মগজুৰ ভূমিকা কি?
Answers
Answer:
1. প্ৰতীপ ক্ৰিয়া আৰু খোজকঢ়াৰ মাজত পাৰ্থক্য কি ?
উত্তৰ: প্ৰতীপ ক্ৰিয়া আৰু খোজকঢ়াৰ মাজৰ পাৰ্থক্যসমূহ হ’ল:
(i) প্ৰতীপ ক্ৰিয়া হ’ল একোটা উদ্দীপনাৰ প্ৰতি এক দ্ৰুত আচম্বিত আৰু অনৈচ্ছিক সঁহাৰি৷ উদাহৰণস্বৰূপে হাঁচি মৰা, চকু টিপিওৱা ইত্যাদি ৷
আনহাতে, খোজকঢ়া এক সুবিবেচনাপূৰ্ণ ঐচ্ছিক প্ৰক্ৰিয়া য’ত উদ্দীপনাৰ প্ৰতি সঁহাৰি জড়িত নহয়৷
(ii) প্ৰতীপ ক্ৰিয়া এক অনিয়ন্ত্ৰিত আৰু অনৈতিক সঞ্চালন৷ আনহাতে, খোজকঢ়া এক নিয়ন্ত্ৰিত আৰু ঐচ্ছিক সঞ্চালন৷
(iii) প্ৰতীপ ক্ৰিয়াত চিন্তন প্ৰক্ৰিয়া জড়িত নহয়৷ আনহাতে, খোজকঢ়াত চিন্তন প্ৰক্ৰিয়া জড়িত৷
(iv) প্ৰতীপ ক্ৰিয়া স্নায়ুৰজ্জুৱে নিয়ন্ত্ৰণ কৰে৷ আনহাতে, খোজকঢ়া মস্তিষ্কই নিুয়ন্ত্ৰণ কৰে৷
(v) প্ৰতীপ ক্ৰিয়া ছেকেণ্ডত সম্পন্ন হয়৷ আনহাতে, খোজকঢ়া সম্পন্ন হ’বলৈ তুলনামূলকভাৱে অধিক সময়ৰ প্ৰয়োজন হয়৷
2. দুটা নিউৰনৰ মাজৰ সংযোগী পথ চাইনেপছত কি ঘটে ?
উত্তৰ: এটা স্নায়ুকোষ বা নিউৰনৰ ডেনড্ৰাইটে তথ্য আহৰণ কৰিলে এটা ৰাসায়নিক বিক্ৰিয়া আৰম্ভ হয় যিয়ে বৈদ্যুতিক প্ৰেৰণাৰ সৃষ্টি কৰে৷ এই বৈদ্যুতিক প্ৰেৰণা কোষলৈ গতি কৰে আৰু তাৰ পাছত এক্সনৰ প্ৰান্তলৈ গতি কৰে ৷ ইয়াত যুক্ত হোৱা কিছুমান ৰাসায়নিক পদাৰ্থই সংযোগী পথ বা চাইনেপছ অতিক্ৰম কৰে আৰু ইয়াৰ পিছৰ পৰ্যায়ত পৰৱৰ্তী নিউৰনৰ ডেনড্ৰাইটত বা অনা পেশীকোষ গ্ৰন্হিকোষত বৈদ্যুতিক প্ৰেৰনাৰ সৃষ্টি কৰে ৷এনেদৰে দুটা নিউৰনৰ মাজৰ সংযোগী পথ বা চাইনেপছত ৰাসায়নিক পদাৰ্তৰ সঞ্চালন ঘটে ৷
3.মগজুৰ কোন অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয় ?
উত্তৰ: পশ্চাৎ মস্তিষ্কত অৱস্হিত চেৰিবেলাম নামৰ অংশই দেহ লৰচৰ কৰাত আৰু সমতা ৰক্ষা কৰাত অংশ লয় ৷
4. আমি ধূপকাঠিৰ গোন্ধ কেনেকৈ লওঁ ?
উত্তৰ: নাকৰ স্নায়ুকোষৰ ডেনড্ৰাইটত অৱস্হিত ঘ্ৰাণ সংগ্ৰাহকৰ সহায়ত আমি ধূপকাঠিৰ গোন্ধ লওঁ ৷ এই সংগ্ৰাহকে স্নায়ু প্ৰেৰণাৰ ৰূপত তথ্য আহৰণ কৰি ঘ্ৰাণ খল্পালৈ প্ৰেৰণ কৰে ৷ ঘ্ৰাণখল্পা হৈছে গোন্ধ ধৰা পেলোৱাৰ বাবে থকা প্ৰমস্তিষ্কৰ বিশেষ একক ৷
5. প্ৰতীপ ক্ৰিয়াত মগজুৰ ভূমিকা কি ?
উত্তৰ: প্ৰতীপ ক্ৰিয়াত মগজুৱে ভূমিকা পালন নকৰে কিয়নো কাৰ্যকৰী পেশীয়ে ক্ৰিয়াৰ বাৰ্তা স্নায়ুৰজ্জুৰ পৰা পোনপটীয়াকৈ লাভ কৰে ৷ অৱশ্যে এই তথ্য মগজুতো উপনীত হয় য’ত এয়া ভৱিষ্যতলৈ স্মৃতি হিচাপে সঞ্চিত হৈ থাকে ৷
mark this answer as Brainlist
Answer:
Hope this will help you.