diwali essay in Assamese
Answers
Answered by
2
Answer:
দীপাৱলী হৈছে পোহৰৰ উৎসৱ, এই উৎসৱ প্ৰতি বছৰে পালন কৰা হয় চাৰি ৰ পৰা পাঁচ দিন ধৰি । দীপাৱলী জাতি ধৰ্ম নিৰ্বিশেষে প্ৰায় সকলোৱে পালন কৰে, হিন্দু, জৈন , শিখ, বৌদ্ধ ধৰ্মৰ মানুহ সকলোৱে । হিন্দু ধর্মৰ আটাইতকৈ উজ্বল উৎসৱ দীপাৱলীয়ে আন্ধাৰৰ ওপৰত পোহৰৰ বিজয়, অধৰ্মৰ ওপৰত ধৰ্মৰ বিজয় আদি সূচায় । পোহৰ হৈছে জ্ঞানৰ প্ৰতীক, আৰু এই জ্ঞানে মানুহৰ ভিতৰত থকা ভয়, ভ্ৰান্তি আদি আঁতৰাই তোলে আৰু মানুহৰ মহান জীৱনী শক্তিৰ উত্তৰণ ঘটায় ।
হিন্দু ধর্মৰ মতে, যেতিয়া ১৪ বছৰ বনবাস কটায় আহি ভগৱান ৰাম, দেৱী সীতা আৰু লক্ষ্মণ পাপী ৰাৱণৰ বধৰ পিছত অযোধ্যালৈ ঘূৰি আহে, তেতিয়াই দীপাৱলীৰ আৰম্ভ হয় ।আৰু পদ্ম পুৰাণ ৰ মতে, দীপাৱলী ৰ নিশা সাগৰ মন্থনৰ ফলত ধনৰ দেৱী লক্ষ্মীৰ জন্ম হয় আৰু লক্ষ্মীদেৱীয়ে ভগৱান বিষ্ণুক চয়ন কৰে আৰু বিবাহপাশত আবদ্ধ হয় ।
পদ্ম পূৰণ আৰু স্কন্দ পুৰাণৰ মতে , চাকিবোৰ হৈছে সূৰ্যৰ অংশ প্ৰতীক, যি হৈছে মহাজাগতিক পোহৰ আৰু শক্তিৰ ভাণ্ডাৰ ।
আন আন ধৰ্মৰ মানুহেও দীপাৱলী উদযাপন কৰে ।
জৈন ধৰ্মৰ মানুহে দীপাৱলীক মহাবীৰ নিৰ্বানা দিৱস হিচাপে পালন কৰে ।
শিখ সকলে গুৰু হৰগোবিন্দৰ মোগলৰ জেলৰ পৰা মুক্তি পোৱা দিনটো উদযাপন কৰে ।
বৌদ্ধ ধৰ্মালম্বী সকলে সাধাৰণতে দীপাৱলী উদযাপন নকৰে যদিও নেপালত নতুন বৌদ্ধ ধৰ্মাৱলম্বী সকলে ৫ দিনলৈকে দীপাৱলী উদযাপন কৰে ।
Explanation:
hey sis here is your answer hope it will help you.
Answered by
1
- পােহৰৰ জৰিয়তে মানুহেজীয়াই থকাৰ প্রেৰণা বিচাৰে আৰু যি পােহৰৰ দ্বাৰা মানুহৰ হৃদয়ৰ কালিমা নাশ হয়, সেয়াই দেৱালী। শিশুৰ পৰা পৰা ডেকা বুঢ়ালৈকে সকলােৱে এই উৎসৱত বন্তি জুলাই চৌদিশ পােহৰাই তােলে। সেয়েহে এই সম্পর্কত উপনিষদতাে আছে তমসাে মা জ্যোতি গময়ঃ। মৃত্যু মা অমৃতং গময়ঃ’। অর্থাৎ হে ভগৱান আমাক আন্ধাৰৰ পৰা পােহৰলৈ নিয়া আৰু মৃত্যুৰ পৰা অমৰত্ব প্ৰদান কৰা। হিন্দু ধর্মালম্বী লােকসকলৰ অতি আকর্ষণীয় এই উৎসৱ কাতি মাহৰ কৃষ্ণা চতুদর্শী তিথিত উদ্যাপন কৰা হয়। এই উৎসৱত মানুহে মাটিৰ চাকি, মম আদি নিজ ঘৰ আৰু পদূলিত জ্বলাই পােহৰাই ৰাখে। অৱশ্যে বিংশ শতিকাৰ পৰা আতচবাজীৰ ব্যৱহাৰে পােহৰৰ উৎসৱটোক অধিক আকর্ষণীয় কৰি তুলিছে। দীপাৱলী উৎযাপনৰ ইতিহাসৰ সৈতে কেইবাটাও কাহিনী বা লােকবিশ্বাস জড়িত হৈ আছে।
- যিদিনা পার্বতীয়ে এইরূপ লাভ কৰিছিল, সেইদিনটো আছিল কাতিমাহৰ অমাৱস্যা তিথি। লগতে কালী দেৱীৰ দেহৰ ৰঙো ক’লা ‘ আছিল। সেয়েহে সেইদিনা আন্ধাৰৰ বাবে চাকি-বন্তি জুলাই পােহৰ কৰা প্ৰথাৰ পৰা দীপান্বিতা উৎযাপন কৰা হয়। তদুপৰি ভাৰতত যিটো দিনত দীপান্বিতা উদযাপন কৰা হয়, সেই দিনটোতে ঐশ্বর্য, সম্পদ আৰু ভাগ্যৰ উপাস্য দেৱী লক্ষ্মী ক্ষীৰ সমুদ্ৰৰ পৰা ওপজিছিল বুলি এক আখ্যান পােৱা যায়। অর্থাৎ এই দিনটোৱেই পৰৱৰ্তী সময়ত দীপান্বিতা হিচাপে উদ্যাপিত হৈ আহিছে। ইয়াৰ বাহিৰেও দ্বাপৰ যুগত প্ৰাগজ্যোতিষপুৰৰ অত্যাচাৰী শাসক নৰকাসুৰৰ অনৈতিক কার্যকলাপত বিতুষ্ট ভগৱান শ্রীকৃষ্ণই বধ কৰাৰ দিনটোকেই দীপাৱলী হিচাপে উৎযাপন কৰা হয় কোনাে কোনাে পণ্ডিতে কয়।
hi
how are you?
Are you from Assam
Similar questions