অৰুণিমা সিনহাই ৰেলযাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হবলগীয়া হৈছিল ?এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল?
PLEASE DON'T ANSWER IF YOU DON'T KNOW
Answers
অৰুণিমা সিনহাই ৰেলযাত্ৰাৰ সময়ত দুৰ্বৃত্তৰ কবলত পৰিছিল। দুৰ্বৃত্তৰ দলটোৱে ৰেলযাত্ৰীসকলৰ পৰা টকা-পইচাৰ লগতে হাতৰ, কাণৰ, ডিঙিৰ আটাইবোৰ আ-অলংকাৰ কাহি লৈ গৈছিল । আন আন যাত্ৰীৰ লগতে অৰুণিমাৰ ডিঙিৰ চেইণডালবিছাৰিছিল । কিন্তো অৰুণিমাই চেইণডাল দিবৰ বাবে মান্তি হোৱা নাছিল । তেওঁ ডকাইতবোৰক কৈছিল যে সেইডাল এডাল চেইন নহয়, তাইৰ মাকে তাইক দিয়া আশীৰ্বাদ । ডকাইতবোৰে বাৰে বাৰে দিয়া ধমকিৰ ওচৰত অৰুণিমাই সেও মনা নাছিল। অৱশেষত অন্য়ায়ৰ ওচৰত সেও নমনা অৰুণিমাইক ডকাইতবোৰে ডাংকোলাকৈ তুলি নি চলন্ত ৰেলগাৰীখনৰ পৰা বাহিৰৰ অন্ধকাৰলৈ দলিয়াই দিলে। সেই সময়তে ওচৰৰে আন এখন ৰেল গাড়ী আহি আছিল। অৰুণিমাৰ শৰীৰটো চলন্ত ৰেল গাড়ীখনত বস্তা এটাৰ দৰে খুন্দা খাই তললৈ পৰি গল। অৰুণিমাই প্ৰাণে প্ৰণে চিয়ৰিলে কিন্তো ৰেলৰ ইন্জিন আৰু চকাৰ শব্দত তাইৰ মাত তল পৰি গল । অৰুণিমা প্ৰায় ৭ঘন্টা সময় ৰেল আলিৰ কাষত পৰি থকিল আৰু সেই সময়ত কাষেদি
ঊনচল্লিছখন ৰেল পাৰ হৈ গল।
এই দুৰ্ঘটনাত অৰুণিমাই এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাব লগা হল আৰু আন খন ভৰিত লোৰ ৰদ সুমুৱাই তাৰ সহায়ত চলাফিৰা কৰিব পৰা হল। হেৰুৱা ভৰিখনৰ ঠাইত কৃটিম ভৰি সংযোজন কৰা হল।
অৰুণিমা সিনহাই ৰেলযাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হবলগীয়া হৈছিল এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল অৰুণিমা সিনহাই ৰেলযাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হবলগীয়া হৈছিল এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল
অৰুণিমা সিনহাই ৰেলযাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হবলগীয়া হৈছিল এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল