গ্ৰীষ্মবন্ধ তুমি কেনেদৰে পাৰ কৰিলা সেই বিষয়ে সকলো কথা জনাই তোমাৰ বন্ধুলৈ এখন চিঠি লিখা please ans me
Answers
Answer:
Explanation:
মৰমৰ
দিম্পি,
দূৰণিবটিয়া মৰমবোৰ ল’বি। কেনে আছ’? ভগৱানে তোক সদায় ভালে কুশলে ৰাখক তাৰে কামনা কৰোঁ। বহুত দিন তোৰ খা খবৰ পোৱা নাই সেয়ে চিঠিখন লিখিলোঁ। জানো.. নতুনকৈ সোমোৱা চাকৰিটোত তই খুবেই ব্যস্ত। লগতে দেউতাৰ চোৱা চিতাও তয়েই কৰিব লাগে। মা ঢুকুৱাৰ পিছত ঘৰৰ সমস্ত দায়িত্ব তোৰ কান্ধত। ইমান কম বয়সতে সকলো মূৰ পাতি ল’লি
মানিছোঁ তোক। দাদাও চাকৰি সূত্ৰে উৰিষ্যাত থাকে। খুব হেঁপাহ কৰি নিজে বিয়া নহৈ দাদালৈ বৌ এজনী আনি দিছিলি। পিছে কি হ’ল বৌৰ মনোভাৱ তহঁতৰ লগত নিমিলিল। তেওঁ মাথোঁ অকলে থাকিব বিচাৰোঁ দাদাৰ লগত। ঘৰলৈ বছৰেকত দুবাৰ আহে তাকো আহি মিলিব নোৱাৰে। দাদাৰ লগত তই ওলাই যোৱা কথাটোও তেওঁ ভাল নাপায়। ৰুমত সোমাই দাদাৰ লগত অনাহকত কাজিয়া আৰু কন্দা কটা কৰে। তই বৌ সুখৰ বাবে দাদাক ঘৰলৈ আহিবলৈ মানা কৰি দিলি। তই যেতিয়া চিঠিত সকলো কথা জনাই লিখিছিলি, পঢ়ি মই চকুৰ পানীৰে বাট নেদেখা হৈছিলোঁ।
তোৰ দুখ মই বুজি পাওঁ। তই সম্পূৰ্ণ অকলশৰীয়া হৈ পৰিছ। বিয়া হ’বলৈ কলেও নহওঁ বুলি ক’ৱ। দেউতাক কাৰ লগত এৰি থৈ যাবি বুলি। কথাটো নোহোৱা নহয় তোৰ অবিহনে দেউতাৰ আন কোনো নাথাকিব। দাদায়ে ইচ্ছা কৰিলেও দেউতাক লগত নি ৰাখিব নোৱাৰিব। তই হতাশ ন’হবি দিম্পি। মই আছোঁ তোৰ লগত। দুৰণিত থাকোঁ যদিও তোৰ চিন্তায়ে মোক শান্তিত থাকিব নিদিয়ে। তোৰ ওচৰলৈ যাবলৈ মন যায় কিন্তু মোৰো হাজাৰ ব্যস্ততা। তই জান’ সকলো। ব্যস্ততাৰ মাজতো চিঠি এখন লিখিবি চোন। তোৰ খবৰ খাটি পাই থাকিলে মনটো মুকলি লাগে মোৰ। কামৰ মাজতে নিজৰ যত্নও লবি। মোৰ মনে কয় তোৰ দুখত দিনৰ অন্ত হ’ব। তই এনেকুৱা এজন জীৱনসংগী পাবি যি তোৰ লগতে দেউতাকো স্বীকাৰ কৰিব। সেয়ে ভগৱানৰ ওপৰত ভৰসা ৰাখিবি। শেষত বহুত মৰম
আৰু চুমা দিলোঁ। হাঁহি থাকিবি আৰু সোনকালে মোৰ চিঠিৰ উত্তৰ দিবি। ন’হলে মোৰ পিছত চিঠি খনত অজস্ৰ গালি গালাজ হে পাবি। হাঃ হাঃ…
ভালে থাক… কুশলে থাক।।
ইতি,
তোৰ ম’না।
২৮/০৬/১৮
গ্ৰীষ্মবন্ধ তুমি কেনেদৰে পাৰ কৰিলা সেই বিষয়ে সকলো কথা জনাই তোমাৰ বন্ধুলৈ এখন চিঠি
প্রতি
মৰমৰ
দীপক
তাৰিখে- ১২/০৭/২০২২
প্রিয় বন্ধু,
পত্ৰৰ পাতনিতে একাঁজলি মৰম সাদৰেৰে গ্ৰহণ কৰিবা। এতিয়া আঘোণৰ বতৰ । পকা ধান পকা নৰাৰ গোন্ধৰে গোটেইখন আমোল-মোল। সৰুতে এনেকুৱা দিনবোৰত লেছেৰি বুটলি ফুৰাৰ কথা মনলৈ আহিছে। লেছেৰিৰ ধান বিক্ৰি কৰি মিঠাই খোৱাৰ কথা আৰু ঘৰৰ ডাঙৰ মানুহবোৰ পথাৰলৈ গুছি যোৱাৰ পাছত আমি সৰুবোৰেই ঘৰৰ গৰাকী হৈ কিমান যে দুষ্টালি নকৰিছিলোঁ। মৰণাৰ ওপৰত উঠি কিমান যে নজঁপিয়াইছিলোঁ ! সঁচাকৈয়ে কিমান যে মধুৰ আছিল আমাৰ ল'ৰালিৰ সেই দিনবোৰ। কিন্তু এতিয়াৰ সৰু সৰু ল'ৰা ছোৱালী বোৰক দেখি বেয়া লাগে। কিতাপৰ বোজাই কুঁজা কৰা সিহঁতে যাপন কৰিছে নষ্ট শৈশৱৰ দিন। অনবৰতে সিহঁতৰ ওপৰত মাক দেউতাকৰ কাঢ়া চকু । পঢ়া আৰু পঢ়া। নম্বৰৰ পাছত দৌৰ । বন্দী জীৱন ।
সেইয়ে চাগৈ সিহঁত যেতিয়া স্কুল এৰি মহাবিদ্যালয় ত ভৰি দিয়ে তেতিয়া সিহঁতে ল'ৰালিতে উপভোগ কৰিবলৈ নোপোৱা স্বাধীনতাকণৰ স্বাদ বিচাৰি ভুল পথে খোজ দিয়ে। আৰু সিহঁতৰ হাততেই আমাৰ দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে ! সিহঁতেই যদি ভুল দিশে যায় তেনে আমাৰ দেশৰ কি হ'ব ? এইবোৰ কথা এতিয়া আমি সময় থাকোঁতেই ভাবি চাবৰ হ'ল নহয়জানো ?
আজিলৈ সামৰিছোঁ কিন্তু উত্তৰৰ বাবে বাট চাই আছো।
ইতি,
তোমাৰ মৰমৰ
ৰাহুল
এই ছীলো , গ্ৰীষ্মবন্ধ তুমি কেনেদৰে পাৰ কৰিলা সেই বিষয়ে সকলো কথা জনাই তোমাৰ বন্ধুলৈ এখন চিঠি
#SPJ2