History, asked by kritidevi692, 2 months ago

১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ কাৰণ সমূহ আলোচনা কৰা

Answers

Answered by hemantabaruah23
1

Answer:

১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ কাৰণ সমূহ হ'ল -

  • ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি অনুসৰি অসমৰ শাসনভাৰ ইংৰাজৰ হাতলৈ যায় ǀ এই ঘটনাৰ দ্বাৰা অসমৰ জনসাধাৰণৰ জাতীয় চেতনা আৰু আত্মসন্মানত যথেষ্ঠ আঘাত জন্মিছিল ǀ সেয়ে তেওঁলোক সংগঠিত হৈ বিদ্ৰোহৰ সূত্ৰপাত ঘটায় ǀ

  • ইয়াৰ উপৰিও আহোম ৰাজবংশৰ উচ্চপদস্হ বিষয়া সকলে কন্দপেশ্বৰ সিংহক পুনৰ সিংহাসনত বহোৱাৰ যো-জা কৰিছিল আৰু তাৰ ফলশ্ৰুতিতো বিদ্ৰোহৰ জুই জ্বলিছিল ǀ

  • সাধাৰণ জনতাৰ ওপৰত ইংৰাজে জধে মধে কৰ আৰোপ কৰিছিল ǀ মাটিৰ খাজানা বৃদ্ধি কৰিছিল ǀ কৰ পৰিশোধ কৰিব নোৱাৰা জনতাৰ ওপৰত অত্যাচাৰ চলোৱা হৈছিল

  • ইংৰাজসকল অসমলৈ অহাৰ সময়লৈকে ব্ৰাহ্মণ, গোঁহাই, আৰু সত্ৰাধিকাৰ সকলে বিনা খাজানাত লাখেৰাজ ভূমি লাভ কৰিছিল ǀ ইংৰাজে তেওঁলোকৰ পৰা সেই ভূমি কাঢ়ি লয়

  • অসমৰ অভিজাত শ্ৰেণীৰ ডা-ডাঙৰীয়াসকলে ব্ৰিটিছ শাসনৰ লগত নিজকে জড়িত কৰিবলৈ চেষ্টা কৰিও আধুনিক শিক্ষাৰে শিক্ষিত নোবোৱাৰ বাবে বিফল হব লগীয়া হৈছিল ǀ ইংৰাজ শাসনত বংগদেশৰ পৰা শিক্ষিত ব্যক্তি আনি অসমৰ অফিচ কাছাৰীত নিয়োগ কৰা হৈছিল ǀ ফলত অসমৰ অভিজাত শ্ৰেণীৰ ডা-ডাঙৰীয়াসকলে নিজৰ নিজৰ কৰ্মসংস্হাপন হেৰুৱাবলগীয়া হৈছিল ǀ কিছুসংখ্যকে মৌজাদৰ আৰু ৰাজহ সংগ্ৰহৰ দায়িত্ব পাইছিল যদিও বংগদেশ আৰু পশ্চিম ভাৰতৰ পৰা অহা বঙালি আৰু মাৰোৱাৰী সম্প্ৰদায়ৰ লোকক বেছিভাগ দায়িত্ব অৰ্পণ কৰা হৈছিল ǀ ইংৰাজ শাসনৰ তলত বিদ্ৰোহৰ নেতা মণিৰাম দেৱানেও নিজৰ চৰকাৰী পদবী হেৰুৱাবলগীয়া হৈছিল ǀ

  • আহোমৰ ৰাজবংশৰ পৰিয়ালৰ ব্যক্তি, উচ্চ পদস্হ বিষয়া, পোৰোহিত,বাহ্মণ ইত্যাদি লোকসকলে নিজৰ লগত লগুৱা,চাকৰ ,বান্দী, বেটী ৰাখিব পাৰিছিল ǀ ইংৰাজে সেই পৰম্পৰা উঠাই দিয়ে ǀ ইয়াৰ ফলতো সমাজৰ আঢ্যবন্ত লোকসকল ইংৰাজৰ প্ৰতি অসন্তুষ্ট আছিল ǀ

mark this answer as Brainlist

Similar questions