Art, asked by annuusri, 2 months ago

আধুনিক সমাজত বিজ্ঞানৰ প্রভাব
....​

Answers

Answered by bhadurydebmalya16422
2

Explanation:

বিজ্ঞানৰ অৱদান

আৰম্ভণিঃ আদিম অৱস্হাত মানুহৰ জীৱন ধাৰণ অতি কষ্টকৰ আছিল । তেতিয়া অঘৰী মানুহৰ জ্ঞানৰো বিকাশ ঘটা নাছিল । আদিম মানুহে কেৱল খাদ্যৰ অন্বেষণ কৰিব শিকিছিল । ক্ষুধা নিবাৰণৰ বাবে কিবা খাব লাগে বুলি জানিছিল আৰু অনাই বনাই ঘূৰি ফুৰি গছৰ ফল মূল খাইছিল । তাৰ পিছত শিলৰ অস্ত্ৰেৰে জন্তু চিকাৰ কৰি কেঁচা মঙহ খায় জীৱন ধাৰণ কৰিছিল । লাজ ধাকিবৰ বাবে গছৰ পাত গছৰ ছাল, জন্তুৰ ছাল আদিহে ব্যৱহাৰ কৰিছিল ।

শিলে-শিলে বা শুকান গছে-গছে ঘঁহনি খাই জুই ওলোৱা দেখি কাঠ বা শিল ঘঁহি জুই উলিয়াবলৈ শিকাৰ পিচত মানুহে জন্তুৰ মঙহ পুৰি খাবলৈ শিকিছিল । গছৰ গুটি মাটিত পৰি নতুন গছ গজা দেখি খেতি কৰাৰ জ্ঞান লাভ কৰিছিল । জুই আৰু কৃষিৰ আৱিস্কাৰ মানুহৰ জ্ঞানৰ বিকাশ আৰু অগ্ৰগতিৰ প্ৰাথমিক স্তৰ আছিল । তেতিয়া মানুহে একেলগে থাকি খেতি-বাতি কৰি জীৱিকা নিৰ্বাহ কৰিৱলৈ শিকিছিল । ৰ'দ বৰষুণ আদিৰ পৰা ৰক্ষা পাৱৰ বাবে ঘৰ সাজি থাকিব শিকিছিল ।

মানৱ সমাজলৈ অৱদানঃ মানুহৰ বুদ্ধি-বৃত্তিৰ ক্ৰমাগত বিকাশৰ ফলতে বিজ্ঞানৰ আৱিস্কাৰ হৈছিল । মানুহেই বৈজ্ঞানিক যন্ত্ৰ-পাতি নিৰ্মাণ পদ্ধতি আৱিস্কাৰ কৰি জীৱন ধাৰণ ক্ৰমাৎ সুখময়, আৰামদায়ক আৰু উন্নত মানৰ কৰি গঢ় দি আহিছে । অষ্টাদশ শতিকাৰ পৰা বৈজ্ঞানিক আৱিস্কাৰৰ জয়যাত্ৰা আৰম্ভ হৈছিল । অষ্টাদশ শতিকাৰ শেষৰ ভাগৰ পৰা ঊনবিংশ শতিকাৰ আদি ভাগৰ ভিতৰত ভালেমান বৈজ্ঞানিক আৱিস্কাৰ হৈছিল । এই সময়ছোৱাৰ ভিতৰতে ইঞ্জিনৰ সহায়ত চলা জাহাজেৰে আটলাণ্টিক মহাসাগৰ ইপাৰ-সিপাৰ হ'ব পৰা ঘটনা আছিল বিজ্ঞানৰ প্ৰথম আচৰিত আৱিস্কাৰৰ ঘটনা । ইয়াৰ পিছত ৰে'ল ইঞ্জিন আৱিস্কাৰ, বিজুলী শক্তিৰ আৱিস্কাৰ, অনাতাৰ ৰেডিঅ' আৱিস্কাৰ, উৰাজাহাজ আৱিস্কাৰ, ৰকেট আৱিস্কাৰ , চন্দ্ৰপৃষ্ঠত মানুহৰ অৱতৰণ, দূৰদৰ্শন আৱিস্কাৰ, কৃত্ৰিম উপগ্ৰহৰ আৱিস্কাৰ, যান-বাহনৰ আৱিস্কাৰ, চিকিৎসা পদ্ধতিৰ আৱিস্কাৰ, ৰোগ নিৰাময়ৰ বাবে কৰা পেনিচিলিন আৱিস্কাৰ কৰাৰ পিছত বিবিধ ঔষধ আৰু চিকিৎসা পদ্ধতিৰ আৱিস্কাৰ আদিয়ে মানুহৰ সভ্যতাক বহুখিনি আগুৱাই নিছিল । নানান আৱিস্কাৰএইছোৱা সময় আছিল বিজ্ঞানৰ অৱদানৰ সোণালী যুগ ।

মূলতঃ মানুহৰ সুখ-সুবিধাৰ সন্ধানৰ ফলতেই বিজ্ঞানৰ নানাবিধ আৱিস্কাৰ হৈছিল । সুবিধা সন্ধানী, আৰাম প্ৰিয় আধুনিক মানুহে ৰাতিপুৱা বিছনা এৰাৰ পৰা ৰাতি বিছনাত আশ্ৰয় লোৱালৈ সকলো সময়তে বিজ্ঞানৰ আৱিষ্কৃত সা-সঁজুলি-সম্পদৰ মাজতে ডুবি থাকে । দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা প্ৰতিটো বস্তুকে মানুহক বিজ্ঞানে দিছে । বিজ্ঞানৰ এই আৱিষ্কাৰ বা বিজ্ঞানৰ অৱদান সমূহে মানুহক সুখ-সুবিধা আদিৰ যোগান ধৰাৰ উপৰি মানুহক সময় ৰাহি কৰি দিছে । ৰাহি হোৱা সময় মানুহে সমাজৰ উপকাৰত অহা চিন্তা-চৰ্চা, সাহিত্য-সংগীত-সংস্কৃতিৰ সৃষ্টি সাধনা আৰু উন্নয়নৰ বাবে খটুৱাব পৰা হৈছে ।

বিজ্ঞানে মানৱ সমাজলৈ দিয়া বিজ্ঞানৰ অৱদানৰ তুলনা নাই , বিজ্ঞানে মানুহক কেৱল অমৰত্ব দান দিব পৰা নাই , মানুহক বিজ্ঞানে অমৰ কৰিব পৰা নাই । কিন্তু বিবিধ ঔষধ আৰু চিকিৎসা পদ্ধতিৰ আৱিষ্কাৰেৰে মানুহক বহুতো ৰোগ-ব্যাধিৰ পৰা মুক্ত কৰি দীৰ্ঘায়ু কৰিছে । মানুহক আৰোগ্য কৰাৰ উপৰি মানুহে বিজ্ঞানৰ সহায়ত টেষ্টটিউবত মানৱ ভ্ৰূণ সৃষ্টি কৰাৰ ক্ষমতা লাভ কৰিছে । এসময়ত ঈশ্বৰৰ দান বা সৃষ্টি বুলি ভৱা মানৱ শিশুৰ জন্মও এতিয়া বিজ্ঞানৰ সহায়ত মানুহৰ হাতৰ মুঠিত । তদুপৰি চৰাই-চিৰিকতিৰ পোৱালী জগাৱলৈ উমনি দিবলৈ মাকৰ প্ৰয়োজন নাইকিয়া হৈ পৰিছে, ইনকিউবেটৰ নামৰ এক বিশেষ যন্ত্ৰৰ সহায়ত মাক নোহোৱাকৈ কণীৰপৰা পোৱালী জগাৱলৈ সম্ভৱ হৈ পৰিছে । ভগৱানৰ প্ৰতি এয়া যেন বিজ্ঞানৰ প্ৰত্যাহ্বান । পূৰ্বে দুৰাৰোগ্য বুলি ভৱা বহুতো ৰোগৰ ঔষধ আৰু চিকিৎসা পদ্ধতি আৱিষ্কাৰ কৰি বিজ্ঞানে ৰোগ আৱিষ্কাৰ কৰিৱ পৰা হৈছে । বিজ্ঞানে সকলো আৱিষ্কাৰেৰে তথা বিজ্ঞানৰ অৱদানেৰে মানুহৰ কল্যাণ সাধন কৰিব বিচাৰিছে ।

বিজ্ঞানৰ অশুভ ফলঃ সকলো বস্তুৰে ভাল বেয়া দুটা ভাগ থকাৰ দৰে দুৰ্ভাগ্যবশতঃ বিজ্ঞানৰো এক অশুভ ফলাফল আছে । শিল বা পাহাৰ ভাঙিবৰ বাবে বিজ্ঞানে ডিনামাইট আৱিষ্কাৰ কৰিছিল । আৱিষ্কাৰৰ চমৎকাৰিতাৰ বাবে এটম বোম আৱিষ্কাৰ কৰিছিল । কিন্তু ধ্বংস মূলক কামৰ বাবে মানুহৰ অমংগলৰ বাবে ইয়াক ব্যৱহাৰ কৰা হৈছে। ধ্বংসৰ বাবে ব্যৱহাৰ নকৰি নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰি বিজ্ঞানৰ শক্তিক মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান স্বৰূপে মানুহে গ্ৰহণ কৰা অতি মংগলজনক ।

সামৰণিঃ মানুহৰ মগজুৰ বুদ্ধি-বৃত্তিৰ চূড়ান্ত বিকাশৰ ফলতে কম্পিউটাৰৰ দৰে চমৎকাৰী আৱিষ্কাৰসমূহ সম্ভৱ হৈছে । বিজ্ঞানৰ আৱিষ্কাৰ বা বিজ্ঞানৰ অৱদান সমূহে মানুহক ভগৱানৰ পৰ্যায় পোৱাৰ দৰে ক্ষমতা দিছে ।এই ক্ষমতাৰ অপব্যৱহাৰ নকৰি 'মানুহে মানুহৰ বাবে' ভাবি মানুহ আৰু পৃথিৱীৰ মংগলৰ হকে কাম কৰি গ'লে মানুহৰ মহত্ত্ব বাঢ়িব, মানুহৰ জীৱন সুন্দৰতম হ'ব, বিজ্ঞান সুন্দৰতম হ'ব ।

Answered by kamaleshchowdhury574
1

Answer:

আদিম অৱস্হাত মানুহৰ জীৱন ধাৰণ অতি কষ্টকৰ আছিল । তেতিয়া অঘৰী মানুহৰ জ্ঞানৰো বিকাশ ঘটা নাছিল । আদিম মানুহে কেৱল খাদ্যৰ অন্বেষণ কৰিব শিকিছিল । ক্ষুধা নিবাৰণৰ বাবে কিবা খাব লাগে বুলি জানিছিল আৰু অনাই বনাই ঘূৰি ফুৰি গছৰ ফল মূল খাইছিল । তাৰ পিছত শিলৰ অস্ত্ৰেৰে জন্তু চিকাৰ কৰি কেঁচা মঙহ খায় জীৱন ধাৰণ কৰিছিল । লাজ ধাকিবৰ বাবে গছৰ পাত গছৰ ছাল, জন্তুৰ ছাল আদিহে ব্যৱহাৰ কৰিছিল ।

শিলে-শিলে বা শুকান গছে-গছে ঘঁহনি খাই জুই ওলোৱা দেখি কাঠ বা শিল ঘঁহি জুই উলিয়াবলৈ শিকাৰ পিচত মানুহে জন্তুৰ মঙহ পুৰি খাবলৈ শিকিছিল । গছৰ গুটি মাটিত পৰি নতুন গছ গজা দেখি খেতি কৰাৰ জ্ঞান লাভ কৰিছিল । জুই আৰু কৃষিৰ আৱিস্কাৰ মানুহৰ জ্ঞানৰ বিকাশ আৰু অগ্ৰগতিৰ প্ৰাথমিক স্তৰ আছিল । তেতিয়া মানুহে একেলগে থাকি খেতি-বাতি কৰি জীৱিকা নিৰ্বাহ কৰিৱলৈ শিকিছিল । ৰ'দ বৰষুণ আদিৰ পৰা ৰক্ষা পাৱৰ বাবে ঘৰ সাজি থাকিব শিকিছিল ।

মানৱ সমাজলৈ অৱদানঃ মানুহৰ বুদ্ধি-বৃত্তিৰ ক্ৰমাগত বিকাশৰ ফলতে বিজ্ঞানৰ আৱিস্কাৰ হৈছিল । মানুহেই বৈজ্ঞানিক যন্ত্ৰ-পাতি নিৰ্মাণ পদ্ধতি আৱিস্কাৰ কৰি জীৱন ধাৰণ ক্ৰমাৎ সুখময়, আৰামদায়ক আৰু উন্নত মানৰ কৰি গঢ় দি আহিছে । অষ্টাদশ শতিকাৰ পৰা বৈজ্ঞানিক আৱিস্কাৰৰ জয়যাত্ৰা আৰম্ভ হৈছিল । অষ্টাদশ শতিকাৰ শেষৰ ভাগৰ পৰা ঊনবিংশ শতিকাৰ আদি ভাগৰ ভিতৰত ভালেমান বৈজ্ঞানিক আৱিস্কাৰ হৈছিল । এই সময়ছোৱাৰ ভিতৰতে ইঞ্জিনৰ সহায়ত চলা জাহাজেৰে আটলাণ্টিক মহাসাগৰ ইপাৰ-সিপাৰ হ'ব পৰা ঘটনা আছিল বিজ্ঞানৰ প্ৰথম আচৰিত আৱিস্কাৰৰ ঘটনা । ইয়াৰ পিছত ৰে'ল ইঞ্জিন আৱিস্কাৰ, বিজুলী শক্তিৰ আৱিস্কাৰ, অনাতাৰ ৰেডিঅ' আৱিস্কাৰ, উৰাজাহাজ আৱিস্কাৰ, ৰকেট আৱিস্কাৰ , চন্দ্ৰপৃষ্ঠত মানুহৰ অৱতৰণ, দূৰদৰ্শন আৱিস্কাৰ, কৃত্ৰিম উপগ্ৰহৰ আৱিস্কাৰ, যান-বাহনৰ আৱিস্কাৰ, চিকিৎসা পদ্ধতিৰ আৱিস্কাৰ, ৰোগ নিৰাময়ৰ বাবে কৰা পেনিচিলিন আৱিস্কাৰ কৰাৰ পিছত বিবিধ ঔষধ আৰু চিকিৎসা পদ্ধতিৰ আৱিস্কাৰ আদিয়ে মানুহৰ সভ্যতাক বহুখিনি আগুৱাই নিছিল । নানান আৱিস্কাৰএইছোৱা সময় আছিল বিজ্ঞানৰ অৱদানৰ সোণালী যুগ ।

মূলতঃ মানুহৰ সুখ-সুবিধাৰ সন্ধানৰ ফলতেই বিজ্ঞানৰ নানাবিধ আৱিস্কাৰ হৈছিল । সুবিধা সন্ধানী, আৰাম প্ৰিয় আধুনিক মানুহে ৰাতিপুৱা বিছনা এৰাৰ পৰা ৰাতি বিছনাত আশ্ৰয় লোৱালৈ সকলো সময়তে বিজ্ঞানৰ আৱিষ্কৃত সা-সঁজুলি-সম্পদৰ মাজতে ডুবি থাকে । দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা প্ৰতিটো বস্তুকে মানুহক বিজ্ঞানে দিছে । বিজ্ঞানৰ এই আৱিষ্কাৰ বা বিজ্ঞানৰ অৱদান সমূহে মানুহক সুখ-সুবিধা আদিৰ যোগান ধৰাৰ উপৰি মানুহক সময় ৰাহি কৰি দিছে । ৰাহি হোৱা সময় মানুহে সমাজৰ উপকাৰত অহা চিন্তা-চৰ্চা, সাহিত্য-সংগীত-সংস্কৃতিৰ সৃষ্টি সাধনা আৰু উন্নয়নৰ বাবে খটুৱাব পৰা হৈছে ।

বিজ্ঞানে মানৱ সমাজলৈ দিয়া বিজ্ঞানৰ অৱদানৰ তুলনা নাই , বিজ্ঞানে মানুহক কেৱল অমৰত্ব দান দিব পৰা নাই , মানুহক বিজ্ঞানে অমৰ কৰিব পৰা নাই । কিন্তু বিবিধ ঔষধ আৰু চিকিৎসা পদ্ধতিৰ আৱিষ্কাৰেৰে মানুহক বহুতো ৰোগ-ব্যাধিৰ পৰা মুক্ত কৰি দীৰ্ঘায়ু কৰিছে । মানুহক আৰোগ্য কৰাৰ উপৰি মানুহে বিজ্ঞানৰ সহায়ত টেষ্টটিউবত মানৱ ভ্ৰূণ সৃষ্টি কৰাৰ ক্ষমতা লাভ কৰিছে । এসময়ত ঈশ্বৰৰ দান বা সৃষ্টি বুলি ভৱা মানৱ শিশুৰ জন্মও এতিয়া বিজ্ঞানৰ সহায়ত মানুহৰ হাতৰ মুঠিত । তদুপৰি চৰাই-চিৰিকতিৰ পোৱালী জগাৱলৈ উমনি দিবলৈ মাকৰ প্ৰয়োজন নাইকিয়া হৈ পৰিছে, ইনকিউবেটৰ নামৰ এক বিশেষ যন্ত্ৰৰ সহায়ত মাক নোহোৱাকৈ কণীৰপৰা পোৱালী জগাৱলৈ সম্ভৱ হৈ পৰিছে । ভগৱানৰ প্ৰতি এয়া যেন বিজ্ঞানৰ প্ৰত্যাহ্বান । পূৰ্বে দুৰাৰোগ্য বুলি ভৱা বহুতো ৰোগৰ ঔষধ আৰু চিকিৎসা পদ্ধতি আৱিষ্কাৰ কৰি বিজ্ঞানে ৰোগ আৱিষ্কাৰ কৰিৱ পৰা হৈছে । বিজ্ঞানে সকলো আৱিষ্কাৰেৰে তথা বিজ্ঞানৰ অৱদানেৰে মানুহৰ কল্যাণ সাধন কৰিব বিচাৰিছে ।

Similar questions