Hindi, asked by SKhan8854, 1 month ago

বাষা বিজ্ঞানৰ সংজ্ঞা লিখি ব্যাকৰণৰ সৈতে ইয়াৰ পাৰ্থক্য নিৰূপণ কৰা

Answers

Answered by bidis
0

Explanation:

ভাষাবিজ্ঞান হ'ল ভাষাৰ প্ৰণালীবদ্ধ অধ্যয়ন। মানৱ সমাজত প্ৰচলিত যিকোনো আৰু সকলো ভাষাৰে ই অধ্যয়ন কৰে। এই ভাষাবোৰ কেনেকৈ গঠিত হৈছে, সময়ৰ সোঁতত বা প্ৰব্ৰজন ফলত ইয়াৰ কেনেকৈ পৰিবৰ্তন হয় বা হৈছে, অন্য ভাষাৰ লগত ই কেনেদৰে সম্পৰ্কীত আৰু কোৱা লোকসকলে ইয়াক কেনেদৰে কয় ইত্যাদি বিষয়ে ভাষাবিজ্ঞানত আলোচনা কৰা হয়। ভাষাবিজ্ঞান নামটো ইংৰাজী Linguistic Science ৰ অসমীয়া ৰূপান্তৰ। ভাষাবিজ্ঞানক আগতে Comparative Philology, Glossology, Glotology আদি নামেৰে নামাঙ্কিত কৰা হৈছিল। পিছত অকল Philology নামটোৰেই এই বিষয়ৰ অধ্যয়নক বুজোৱা হ'ল। Philos মানে প্ৰেমী আৰু logos মানে ভাষা। আজিকালি ভাষাবিজ্ঞানক Linguistic বুলিহে কয়।[1] Lingua ৰ অৰ্থ মাত, কথা অৰ্থাৎ ভাষা আৰু istics ৰ অৰ্থ জ্ঞান বা বিজ্ঞান। H. A. Gleason ৰ মতে “ভাষাবিজ্ঞান হ'ল এনে এবিধ বিজ্ঞান, যি ভাষাটোৰ অভ্যন্তৰীণ গঠন বিশ্লেষণ কৰি ভাষাটো বুজিবলৈ চেষ্টা কৰে।”ভাষাবিজ্ঞানীৰ প্ৰথম কাম হ'ল মানুহে ভাষাটো কেনেকৈ কয় বা লিখে তাকে বৰ্ণনা কৰাটো; তেওঁলোকে কেনেকৈ কোৱা বা লিখা উচিত তাৰ বিধান দিয়াটো নহয়। অন্য অৰ্থত, ভাষাবিজ্ঞান হ'ল বৰ্ণনামূলক- নিদানমূলক নহয়।[2] ভাষাৰ জন্ম, ভাষাৰ উপাদান আৰু প্ৰকৃতি ইত্যাদি বিশেষ ভাষা নিৰপেক্ষ বিষয় অৰ্থাৎ ভাষাৰ সামগ্ৰীক দিশৰ ওপৰত ভাষাবিজ্ঞানে পৰ্যালোচনা চলায়। স্থানীয় উপভাষাসমূহ ভাষাবিজ্ঞানীৰ বাবে গভীৰ আকৰ্ষণৰ বস্তু। উপভাষাবোৰৰ বৈচিত্ৰই তেওঁক কামৰ সমল যোগায় বাবেই নহয়, ভাষাটোৰ মান্য আৰু উপ-মান্য ৰূপৰ মূল আৰু ইতিহাসো এনে স্থানীয় ভাষাৰ আলোকতে বিচাৰ কৰা সম্ভৱ।

hope it helps you

Similar questions