Psychology, asked by Rahulkhan1, 1 year ago

তর্ক বিজ্ঞান কাক বোলে


Anonymous: can u pls tell it in english

Answers

Answered by Suresh591
7
this is a debate of two or many participate who arguments their view
Answered by UsmanSant
1

যুক্তি বিজ্ঞানক তর্ক বিজ্ঞান বুলি জনা যায়।

  • তর্কবিজ্ঞানৰ ইংৰাজী প্রতিশব্দ হ'ল ‘Logic'।
  • এই ‘Logic' শব্দটো গ্ৰীক শব্দ ‘Logike’ৰ পৰা আহিছে।
  • ‘Logike' শব্দটো আকৌ ‘Logos’ৰ বিশেষণ।
  • ‘Logos’ শব্দৰ অৰ্থ হ'ল ‘চিন্তা” (Thought) বা ‘ভাষাত প্ৰকাশিত চিন্তা' (thought expressed in language) ।
  • গতিকে ব্যুৎপত্তিগত অৰ্থৰ ফালৰ পৰা ‘তর্কবিজ্ঞান হ'ল ভাষাত প্ৰকাশিত চিন্তাৰ বিজ্ঞান' (Logic is the science of thought as expressed in language.)।
  • কিন্তু ‘চিন্তা” শব্দটো অত্যন্ত ব্যাপক। প্রত্যক্ষ, স্মৃতি, ধাৰণা, কল্পনা, অৱধাৰণ, যুক্তি বা অনুমান আদি চিন্তাৰ।
  • অন্তর্ভুক্ত। তর্কবিজ্ঞানে কেৱল অনুমান বা যুক্তি (inference or argument) সম্পৰ্কে আলোচনা কৰে।
  • কিদৰে অনুমান বা যুক্তি গঠন কৰিলে অনুমান বা যুক্তি বৈধ হ’ব, বৈধ চিন্তাৰ নিয়মাৱলী কি— এইটোৱে তর্কবিজ্ঞানৰ মূল্য সমস্যা।
  • সেইকাৰণে কোৱা হয়, ‘তর্কবিজ্ঞান হ'ল বৈধ চিন্তাৰ নিয়মাৱলী সম্পৰ্কীয় বিজ্ঞান' (Science of the regulative laws of valid thought)। কোনো বিষয় সম্পৰ্কে আমাৰ অনুমান।
  • বা যুক্তি শুদ্ধ বা বৈধ হ'ব পাৰে, আকৌ অশুদ্ধ বা অবৈধও হ'ব পাৰে। যুক্তি নিয়মানুগ হ’লে বৈধ হয় আৰু নিয়মানুগ নহ'লে অবৈধ হয়। কিদৰে যুক্তি বৈধ হ’ব তর্কবিজ্ঞান তাৰ নিয়মাৱলী আৰু পদ্ধতি সম্পৰ্কে আলোচনা কৰে।

#SPJ2

Similar questions